পৃষ্ঠা:Manomati.pdf/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গোটাই লৈ সেই মচলমানৰ ওপৰত মিৰদৌল নামেৰে এজন সাহীয়াল মচলমানক সেনাপতি কৰি হাদিৰাত কোঠ মাৰি ৰ’ল। তেওঁ তাত থকাৰ কিছুমান দিনৰ ভিতৰতে পঞ্জাবৰ পৰা চৈত্যন্য সিং নামেবে সেনাপতি এজন পাঁচশ শিখ ৰণুৱা লৈ আাহি পালে। সেই শিখ ৰণুৱা পাই স্বৰ্গদেৱে "এইবাৰ মানক বলে পাৰিম" বুলি ভাবি আনন্দ মনেৰে যুঁজৰ আয়োজন কৰি ৰ’ল।