পৃষ্ঠা:Manomati.pdf/১৪২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৩৮
মনোমতী

 চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে গুৱাহাটীত মানক বলে নোৱাৰি ৰাতাৰাতি এখন সৰু চুচি নাৱেৰে ব্ৰহ্মপুত্ৰই দি ভটিয়াই চাৰিদিনে গোৱালপাৰা পাইছিলহি। গোৱালপাৰা পাই স্বৰ্গদেৱে নিজৰ লুপ্ত ৰাজ্য উদ্ধাৰ কৰিবলৈ আকৌ চেষ্টা কৰিলে। তেওঁ এযোৰা মানুহ কলিকতালৈ গবৰ্ণৰ জেনেৰল লৰ্ড আমহাৰ্ষ্টৰ গুৰিলৈ পঠালে। এযোৰা মানুহ পাবলৈ শিখ ৰণুৱা আনিবলৈ পঠালে; আৰু নিজে গোৱালপাৰাত থকা ইংৰাজৰ প্ৰতিনিধি ডেভিডচন চাহাবক সহায় খুজি নথৈ কাবৌ কোকালি কৰিলে। ডেভিডচন চাহাবে তেওঁৰ কথা সকলোবিলাক জনাই তেতিয়াৰ ৰংপুৰৰ ডেভিড স্কট চাহাবলৈ চিঠি লিখি চন্দ্ৰকান্ত ৰজাক সহায় দিবলৈ অনুমতি খুজিলে। স্কট চাহাবে সেই চিঠিৰ একো উত্তৰ নিদি চিঠি ইণ্ডিয়া গবৰ্ণমেণ্টলৈ পঠালে। ইণ্ডিয়া গবৰ্ণমেন্টে সেই চিঠি পাইও ততালিকে চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱক সহায় কৰিবলৈ একো অভিপ্ৰায় নকৰিলে। (Non-intervention policy) (১) ননইণ্টাৰভেনচন পলিচিৰ অৰ্থাৎ “আমি কাৰো ৰাজ্যত হস্তক্ষেপ নকৰোঁ” এই মতৰ বশবৰ্ত্তী হৈ ইংৰাজ গবৰ্ণমেণ্টে অসমীয়া জাতিৰ উদ্ধাৰৰ অৰ্থে ততাতৈয়া প্ৰতিকাৰ নকৰিলে। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে একো উপায় নেপাই হাদিৰালৈ পাৰ হৈ গৈ নিজে ওচৰৰ গাওঁভূইবিলাকত সোমাই মানুহবিলাকক উত্তেজিত কৰি কিছুমান সৈন্য গোটালে আৰু সেই সৈত্যৰ ওপৰত কৃষ্ণৰাম কলিতা নামেৰে এজন পুৰণি কাম ৰূপীয়া ভালমানুহক সেনাপতি পাতি আৰু কেতখিনি মচলমান