এই মইনবৰি গাওঁ পালে। সিহঁতৰ নাওবিলাক ঘাটত চপাৰ আগেয়ে মইনবৰিৰ মামুহবিলাকে ঘৰদুৱাৰ এৰি হাবিয়ে বনবনিয়ে সোমালগৈ। মইনবৰি পায়েই মানহঁতে সিহঁতে আগেয়ে পঠোৱা মান কটকী কেইটাৰ পৰা শুনিলে চন্দ্ৰকান্ত ৰজাই হেনো হাদিৰাত সৈন্য সামন্ত গোটাই সিহঁতে সৈতে আকৌ ৰণ দিবলৈ সাজু হৈ আছে। মিঙ্গিমাহাই কেতিয়াও নেভাবিছিল যে চন্দ্ৰকান্ত ৰজাই গুৱাহাটীৰ যুঁজত হাৰি আকৌ সিহঁতে সৈতে ৰণ দিব পাৰিব। এতিয়া মইনবৰি পাই এই কথা শুনি মিঙ্গিমাহাই বামেদি অহা মানজাক আহি নোপোৱালৈকে আৰু আগবাঢ়ি যোৱাটো উচিত যেন বিবেচনা নকৰি তাতে সিজাক মানলৈ বাট চোৱাটোকে যুগুত ভাবি মইনবৰি গাৱঁতে বাহৰ কৰিবলৈ থিৰ কৰিলে। মানহঁতে নাৱৰ পৰা নামি গাৱঁত সোমাই গাৱঁলীয়া মানুহবিলাকে এৰি থৈ যোৱা ঘৰবিলাকত বাহৰ কৰিলে। মিঙ্গিমাহাই এটা বৰ ডাঙৰ হাউলিত নিজে ৰ’ল আৰু গাৱঁৰ পৰা বাঁহ কটাই আনি বন্দীবিলাকক থবলৈ তিনি চাৰিটা ঘৰ সজালে। সেই ঘৰকেইটাৰ বেৰবিলাক ভাল বাঁহেৰে দিয়ালে আৰু ঘৰ কেইটা নদীৰ পাৰতে অলপ অঁতৰা-আঁতৰি কৰি সজাই তাৰ ওচৰত কেতখিনি পৰীয়া মান থাকিবলৈ সৰু সৰু ঘৰ কৰাই দিয়ালে। সি লক্ষ্মীকান্ত বৰুৱাক এটা ঘৰত, বৰনগৰীয়া বৰুৱাক এটা ঘৰত আৰু শান্তিৰাম ভকতক এটা ঘৰত থলে। পমীলা আৰু মনোমতী দুইওকে নিজে থকা ঘৰটোৰ ওচৰতে এটা ঘৰ কৰাই তাতে থলে। এইদৰে মিঙ্গিমাহাই মইনবৰিত কোঠ মাৰিলে।
পৃষ্ঠা:Manomati.pdf/১৪১
অৱয়ব