পৃষ্ঠা:Manomati.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৫
নাৱেৰে

এইদৰে ওৰে দিনটো গৈ মানহঁতৰ নাওবিলাক গধূলি জৈনাৰ ঘাট চাপিলগৈ। তাতে নাও বান্ধি মানহঁত পাৰত উঠি ৰন্ধাবঢ়া কৰি খালে। বন্দীবিলাকক হাতে ভৰিয়ে বান্ধি পেলাই লৈ মুখত মদ ভাত কটিয়াই দি সেই নিশালৈ সেই ঠাইতে ৰ'ল। বাটত বৰপেটা আদি ঠাইত একো অত্যাচাৰ নকৰিলে। পিছদিনা ৰাতিপুৱা সিহঁতে আকৌ নাও মেলি দি দুদিনৰ মূৰত বগুৰিবাৰি মৌজাৰ মইনবৰি গাওঁ পালেগৈ।