আগেয়ে ধৰে সেয়ে সেই তিৰুতাজনী পায়। তোমাৰ সেই (বন্দুলালৈ আঙুলিয়াই) বৰফুকনটোয়েহে মোক আগেয়ে ধৰিছিল। ধৰ্ম্মমতে মই তাৰেহে হব পাওঁ। এতিয়া মোক দেখোন তোমাৰ টেঙ্গুলাইহে বিয়া কৰাৰ খোজে।” টেঙ্গুলা— “সেনাপতি! তুমি মই ধৰা তিৰুতাজনী নিছা যেতিয়াই এইজনী মইহে পাওঁ।” পমীলা আৰু টেঙ্গুলাৰ কথা শুনি বন্দুলা বৰফুকন ওচৰ চাপি আহি কলে—“সেনাপতি। বিচাৰ কৰক। তাইৰ মোত মন খাইছে আৰু মই তাইক ধৰিছিলোঁ। সেই দেখি তাইক মইহে পাওঁ। মিঙ্গিমাহা—“এনেবিলাক কথাৰ মই এতিয়া বিচাৰ কৰোঁ কেনেকৈ?” টেঙ্গুলা—“সেনাপতি! আদেশ কৰক আমি দুইও পাৰত উঠি মুকলি পথাৰত দাৰ কোবেৰে কোনে পাব পাৰে এইটো থিৰ কৰোঁ। বন্দুলা—“সেনাপতি! মই তাত সন্মত আছোঁ।” মিঙ্গিমাহা—“ভাই বন্দুলা! ভাই টেঙ্গুলা! আমাৰ নিজৰ ভিতৰত এজনী তিৰুতাৰ নিমিত্তে কটাকটি কৰা ভাল নহয়। বাৰু এতিয়া মই এই গাভৰুজনী মোৰ নাৱলৈ নিওঁ। ইয়াত থাকিলে তহঁত দুইৰো দন্দ লাগি থাকিব। নাও চপাই যেতিয়া আমি হাদিৰাৰ ওচৰত কোঠ মাৰিমগৈ, তেতিয়া আমি বৰভোজ পাতি দেও পূজা কৰি থিৰ কৰিম।” এই বুলি কৈ মিঙ্গিমাহাই পমীলাক টেঙ্গুলাৰ নাৱৰ পৰা নিজৰ নাৱলৈ আনিলে। পমীলাই নিজৰ অভীষ্ট সিদ্ধ হোৱা পাই, মনে মনে হাঁহিলে। মানহঁতে ইয়াৰ পাছতে আকৌ নাও মেলি দিলে।
পৃষ্ঠা:Manomati.pdf/১৩৮
অৱয়ব