হঁতেও ওপৰাউপৰি কৰি তৰোৱাল মাৰিবলৈ ধৰিলে। অস্ত্ৰে অস্ত্ৰে ঠনঠনাবলৈ ধৰিলে। চাৰি পাঁচোটা মানক মাৰি ডেকা বৰুৱা অৱশ হ’ল। এনেতে টেঙুলা মানৰ দাৰ কোব এটা ডেকা বৰুৱাৰ তৰোৱালৰ ওপৰত চচলিয়াকৈ পৰি তেওঁৰ কাণত লাগিলগৈ। দেই দাৰ কোবত আৰু ভাগৰত লক্ষ্মীকান্ত অচেতন হৈ মৰাৰ দৰে পৰিল। মানহঁতে তেওঁ পৰি যাওঁতে তৰোৱাল মাৰি তেওঁক সিপুৰীলৈ খেদাবলৈ অভিপ্ৰায় কৰিলে। এনেতে টেঙুলাই সিহঁতক বাধা দি কলে—“এই বীৰটোক মাৰিব নালাগে, জীয়াই জীয়াই ধৰ।” টেঙুলাৰ কথাত সিহঁতে ডেকা বৰুৱাক প্ৰাণে নামাৰি হাতে ভৰিয়ে বান্ধি পেলাই থলে। টেঙুলাই আগবাঢ়ি গৈ খাটৰ পৰা মনোমতীক টানি তুলিলে। তাৰ পাছত সি মনোমতীক দেখি হো হো কৰি হাঁহি হাঁহি কবলৈ ধৰিলে—“আমাৰ সেনাপতি যদি ওপৰতে চগা নপৰে তেন্তে এইজনী মোৰ হ’ল।” এইদৰে হাহি খিকিন্দালি কৰি মানহঁতে গোটেইবিলাক বন্দীকে বাহিৰলৈ আনি একে ঠাইতে লগ কৰিলে। তাৰ পাছত বৰুৱাৰ হাউলিত জুই দিলে আৰু গাওঁখনত যাকে যতে পালে কাটি মাৰি বৰুৱাৰ সোণৰ হাউলিক শ্মশানত পৰিণত কৰিলে।
পৃষ্ঠা:Manomati.pdf/১৩১
অৱয়ব