সমললৈ যাওক

পৃষ্ঠা:Manomati.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬
মনোমতী

আহিল। মনোমতীয়ে ভয়তে থক্‌ থক্‌ কৰি কঁপি লক্ষ্মীকান্তক সুধিলে—"কিহৰ গৰ্জ্জন হ’ল?” ডেকা বৰুৱাই কাণ অনাই শব্দ শুনি বুজিলে শত্ৰুৱে আহি গড় আক্ৰমণ কৰিছে। জানিব পাৰিলে সেই শক্ৰ মান, তেতিয়া ডেকা বৰুৱাই মনোমতীক কলে—“লাহৰি! এই ঘৰৰ ভিতৰত তৰোৱাল বা জাঠি নাইনে? মনোমতীয়ে কলে—“সি খোটালিলৈ যাওক। তাতে বেৰতে আমাৰ দেউতাই এখন তৰোৱাল আৰু এপাত জাঠি থৈছে। সেই পোনে এটা কৰণিত ক্ষুৰ, কটাৰি ইত্যাদি আৰি থৈছোঁ। আপুনিনো কি কৰিব খুজিছে? ” লক্ষ্মীকান্ত—“লাহৰি! কথা বেয়া হ’ল। মান আহি গড় সোমাল তুমি পাৰা যদি সেই খিড়িকীৰে পলোৱা। মই ইফালে তুমি পলোৱা মানে দুৱাৰখন ৰক্ষা কৰোঁ—শুনিছানে দুৱাৰত গোৰ ধৰিছে” এই বুলি কৈয়েই লক্ষ্মীকান্তে একেলৰে গৈ সি খোটালিৰ পৰা জাঠিপাত, তৰোৱাল আৰু ক্ষুৰপাত লৈ আহিল। আৰু ক্ষুৰখন মনোমতীলৈ দলি মাৰি দি “লাহৰি! এয়ে তোমাৰ সহায় সাৰথি” বুলি কৈ দুৱাৰমুখলৈ গ’ল। মনোমতীয়ে ক্ষুৰখন সামৰি লৈ ভয়ত আৰু হাই উৰুমিত শয্যাত তন্দ্ৰা খাই পৰিল। ডেকা বৰুৱাই আসন্ন বিপদ দেখি কি কৰিব হতবুদ্ধি হ’ল। এনেতে দুৱাৰ ভাঙি চাইটা মান ঘৰৰ ভিতৰত সোমাল। ডেকা বৰুৱাই সময় বুজি পোনেই জাঠিৰে এটা মানক খোচ মাৰি বগৰালে; এনেতে সিফালৰ পৰা দহবাৰটা ৰণুৱা আহি সোমাল। ডেকা বৰুৱাই মানৰ ওপৰত জাঠি আৰু তৰোৱাল মাৰিবলৈ ধৰিলে। মান-