সমললৈ যাওক

পৃষ্ঠা:Manomati.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ইচ্ছাত সিহঁত আহি পোৱাৰ আগখিনিতে চণ্ডীবৰুৱাৰ ঘৈণীয়েক আৰু পুতেক নাৱত উঠিলগৈ। চণ্ডীবৰুৱাই অলপ ৰূপবান হাতত লবলৈ পাছ পৰিছিল; আৰু ৰূপবান লৈ উঠি ঘৰৰ পাছদুৱাৰেদি পলাবলৈ ওলাইছিল মাথোন; এনেতে হলকান্তই কুৰিজন ৰণুৱাই সৈতে তেওঁক বেঢ়ি ধৰিলেগৈ; আাৰু শোধ পোচ্ নোহোৱাকৈ তেওঁক হাতে ভৰিয়ে বান্ধি পেলালে। তাৰ পাছত মানহঁতে তেওঁৰ ভড়াল, সম্পত্তি লুটিলে।

 পমীলাই যেতিয়া প্ৰথমবাৰ মনোমতী আৰু ডেকা বৰুৱাক বাহিৰৰ পৰা মাতে তেতিয়া তেওঁবিলাক দুইও দুটা খোটালিত নিদ্ৰাত পৰি আছিল। ওৰে আগ নিশা তেওঁবিলাক দুইও মধুৰ আলাপ কৰি সাৰে থাকি মাজনিশাৰ পৰা দুইও দুটা খোটালিত পৰি ভবিষ্যতৰ সুখৰ সপোন দেখিছিল। পমীলাই বৰকৈ চিয়ঁৰি মাতোঁতেও—তেওঁবিলাকে সাৰ নাপালে। পমীলাই মানহঁতক গড় সোমাবলৈ নিচেই ওচৰ চপা দেখি তেওঁবিলাকক আৰু জগাবলৈ চেষ্টা নকৰি বৰটোপৰ ওচৰলৈ গৈছিল আৰু বৰনগৰীয়া বৰুৱাৰ অৰ্থে তেওঁৰ সুকোমল হাতেৰেও বৰটোপত জুই দিছিল। ইয়াৰ পাছতে ধৰা পৰি তেওঁ বন্দী হ’ল। মনোমতী আৰু ডেকা বৰুৱাক তেওঁ জগাই পলুৱাবলৈ সময় নাপালে। কিন্তু যেতিয়া গুৰুম্‌ গুৰুম্‌ কৰি বৰটোপৰ শবদ আৰু মানহঁতৰ জয়ধ্বনি শুনিলে তেতিয়াই তেওঁবিলাক দুইও সাৰ পালে। চাকি জগাই মনোমতী একেচাবে উঠি বহিল। লক্ষ্মীকান্তও নিজৰ খোটালিৰ পৰা লৰি মনোমতীৰ খোটালিলৈ