ক্যাডেউঙ সসৈন্যে চণ্ডীবৰুৱাৰ গড়ৰ ওচৰ পালেহি। সিহঁতৰ
ভৰিৰ খোজৰ শৱদত শহাকণীয়া পমীলাই তৎক্ষণাৎ সাৰ পালে।
চাব মাৰি উঠি লৰি পচিমৰ দুৱাৰমুখলৈ গৈ দেখিলে যে অলেখ
অগণন ৰণুৱা হাতত তৰোৱাল লৈ আহিব লাগিছে। পমীলাই
বুজিলে সেইবিলাক মান। সুকোমলা কিন্তু আজি প্ৰকৃত
বীৰৰমণী পমীলাই তৎক্ষণাৎ বৰুৱাৰ ঘৰলৈ লৰি গ’ল আৰু
একেটানে শান্তিৰাম ভকতক তুলি কলে—“আতৈ। উঠক।
আাজিয়েই আপোনাৰে আৰু মোৰে আমৰ পাল আহিল।
আপুনি লৰি গৈ পূবদুৱাৰমুখৰ বৰটোপটোত জুই দিয়ক
গৈ। মই, দক্ষিণৰ দুৱাৰমুখৰটোত দিওঁ। অলেখ অগণন
মান আহিব লাগিছে। আপুনি সাজু হওক। পমীলাৰ এই
কথা শুনিয়েই শান্তিৰাম ভকতে একেচাবে দৌড়ি পূব-
দুৱাৰমুখলৈ গ’ল। পমীলাই ইফালে ডোমহঁতক লৰালৰিকৈ
টোপনিৰ পৰা তুলি নাৱলৈ পথালে। তাৰ পাছত চণ্ডীবৰুৱাৰ
শোৱা খোটালি সোমাই চিয়ঁৰিবলৈ ধৰিলে—“আই! দেউতা।
উঠক। উত্তৰৰ দুৱাৰমুখেদি নাৱলৈ যাওক। মই সখীক
পঠাই দিওঁগৈ।” পমীলাই এই কথা কৈ উঠিল মাথোন
এনেতে মানহঁতে কিৰিলি মাৰি জয়ধ্বনি কৰিলে। পমীলাই
কলে—“দেউতা! শুনক। শুনক।” চণ্ডীবৰুৱাই তেতিয়া
গা ডাঙি উঠিল। তেওঁৰ পুতেক আৰু ঘৈণীয়েকে থৰ থৰ কৰি
কঁপিবলৈ ধৰিলে। চণ্ডীবৰুৱাই কলে—পমীলা! ডোমহঁত
উঠিলনে?” পমীলা—“ডোমহঁত নাৱলৈ গৈছে। আপোনা-
পৃষ্ঠা:Manomati.pdf/১২৭
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
