পৃষ্ঠা:Manomati.pdf/১২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১২১
বৰনগৰ আক্ৰমণ

খাবলৈ আমাৰ বৰুৱাৰ মানুহে নেজানিলে। সেই দেখি আহক আপুনি আৰু ময়ে গড়ৰ ভিতৰত সজাগে থাকোঁগৈ।” পমীলাৰ এই কথাত শান্তিৰাম ভকতৰ মন লৰিল। পমীলাক ভকতে কলে—“পমীলা। অলপ বহাঁ। মই কানি কাপোৰ, তামোল, কটাৰি, টিঙ্গিৰি তুলা এইবিলাক লওঁ।” এই বুলিয়েই ভকতে সাজ্কাচ্ কৰিবলৈ ধৰিলে।

 পাঠক! আমি যি সময়ৰ কথা লিখিছোঁ সেই সময়ৰ অসমীয়া মানুহৰ জুইশলা, ছাতা জোতা এইবিলাক বস্তু নাছিল। সকলো অসমীয়া মানুহৰে একোযোৰ টিঙ্গিৰি আৰু তুলা আছিল। দিনত এঠাইৰ পৰা আন ঠাইলৈ যাব লাগিলে অসমীয়া মানুহে জাপি, লাঠি আৰু কটাৰি এই তিনিবিধ বস্তু নোলোৱাকৈ খোজ নেকাঢ়িছিল। ৰাতি হলে টিঙ্গিৰি তূলা, কটাৰি, তামোল খোৱা হাচতি এখন নোলোৱাকৈ নলৰিছিল। এইদৰে সাজি কাচি শান্তিৰাম ভকত পমীলাৰ লগত ওলাল আৰু দুইও হাউলি এৰি বৰুৱাৰ গড়ৰ ভিতৰত সোমাল। গড়ৰ ভিতৰত সোমাই পমীলাই শান্তিৰাম ভকতক কলে —“আতৈ! আপুনি চৰাঘৰতে থাওক। মই সখীৰ ঘৰৰ দুৱাৰমুখতে পৰি থাকোঁগৈ। কিন্তু মনত ৰাখিব জাগি শুব বাচি খাব।” এইদৰে কথা বতৰা হৈ দুইও দুফালে গ’ল। শান্তিৰাম ভকত বৰুৱাৰ চৰাঘৰতে একাষত পৰি ৰ’ল, আৰু পমীলাই বৰুৱাৰ ভিতৰ গড়ৰ বাহিৰত থকা গোহালী ঘৰ টোতে বহি বেৰত আওজি টোপনিয়াবলৈ ধৰিলে।

 ইফালে যুগীৰ পামৰ পৰা হলকান্ত বৰুৱা আৰু মিঙ্গিমাহা