পতাওক। সেনাপতি তিনিজনে ৰাতাৰাতি স্যৈ-সামন্তাবিলাকৰ জান দি থওক যাতে কালি প্ৰাতসতে সকলোৱে নিজ নিজ অস্ত্ৰ লৈ ওলাই আহে।” পমীলাই ভিতৰৰ পৰা কলে—“এৰা দেউতা! মইও তাকে কওঁ।” শান্তিৰাম আৰু পমীলাৰ এই কথাত বৰ-নগৰীয়া বৰুৱাই তেতিয়াই ৰণুৱা তিনিজনক দিহাদিহি পঠালে। এযোৰা মানুহ পঠাই ডোম কুৰিজন অনাই চৰাঘৰত শুৱাই থলে আৰু আন কেইজনমান মানুহৰ হতুৱাই তেওঁৰ গড়ৰ তিনি দুৱাৰত তিনিটা বৰটোপ পতালে। এইদৰে ঠিকঠাক কৰি নিশ্চিন্ত হৈ ৰাতি দুপৰমান হোৱাত বৰুৱা শুলেগৈ। শান্তিৰাম ভকতে নিজৰ বহালৈ বাট ললে। পমীলাই “মই শোওঁগৈ” বুলি বৰুৱাৰ ঘৰৰ পৰা ওলাই আাহিল। আৰু শান্তিৰাম ভকতৰ পাছে পাছে তেওঁৰ বহালৈ গ’ল। শান্তিৰাম ভকতে পমীলাক সিমান নিশা তেওঁৰ ঘৰলৈ যোৱা দেখি সুধিলে—“পমীলা! তুমি ইমান নিশা কেলেই আহিলা?” পমীলা—“আতৈ। আমাৰ আৰু এফেৰি কাম কৰিবলৈ বাকী থাকিলে। বৰটোপ তিনিটাৰ ওচৰত তিনিটা মানুহ থোৱাৰ লাগিছিল। এতিয়া বৰুৱা শুলেগৈ। তেওঁক টোপনিৰ পৰা তুলি খেচালত কৰাটো উচিত নহয়। কি দিহা কৰোঁ তাকে আলচিবলৈ আহিলোঁ। মোৰ মনে এনে লাগিছে অলপতে আমাৰ এইবিলাকত কিবা এটা ঘোৰ শঙ্কট হব; সেই দেখি আপুনিয়ে আৰু ময়ে নোশোওঁ দিয়ক। গড়ৰ ভিতৰলৈ যাওঁ আহক।” শান্তিৰাম—“পমীলা! তুমি বৰ ভয় খাইছা?
পৃষ্ঠা:Manomati.pdf/১২৩
অৱয়ব