পৃষ্ঠা:Manomati.pdf/১২২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


সামন্ত গোটাই লৈ ৰাতিপুৱালৈ সাজু হওঁ। আৰু মানক অলপ আগচি ধৰোঁগৈ।” কান্তিৰাম নামে এজন বয়সীয়াল ৰণুৱাই কলে—“দেউতা। মিনাৰামে যি কৈছে সেইটো বেয়া বুধি নহয়। কিন্তু মোৰ মনেৰে হলে দেউতাই আৰু এটা কথা কৰিব লাগে। দেউতাই পাঁচ ছয়খনমান নাও এতিয়াই অনাই ঘাটত বন্ধাওক; আৰু মান অহা বুজ পালেই আই মাতৃদেউতা, আইদেৱ, বোপা দেউতা, আইকণ, বৰআইটী এই আটাই কেউজনকে আৰু হাতত অলপ ধনবিত লৈ মানাহেৰে উজাই যাবলৈকো সষ্টম হৈ থাকিব লাগে। আজি নিশাই ডোম কুৰিজন অনাই ৰাখক যাতে ততালিকে নাৱত উঠিব পৰা যায়। মিনাৰাম আৰু কান্তিৰাম ৰণুৱাৰ এই কথাত ঘিণলগা নামেৰে মাদবয়সীয়া তৃতীয় সেনাপতিজনে কলে—“দেউতা! মিনাৰাম আৰু কান্তিৰামে যি কথা কলে সি মোৰ মনত নালাগিল। এতিয়াও মান ক’ত আছে তাৰ ঠিকনাই হোৱা নাই; এনেস্থলতনো কেলেই ইমান উখল-মাখল লগাব লাগিছে? জিৰাই শতাই সকলো কৰা ভাল।” সেনাপতি তিনি জনৰ মুখে এইদৰে তিনিৰকম কথা শুনি চণ্ডীবৰুৱাৰ উৱাদিহ নোহোৱা হ’ল। শেহত শান্তিৰাম আৰু পমীলাক শুধিলে— “তোমালোকে কি কোৱাঁ?” শান্তিৰামে কলে—“দেউতা! কব নোৱাৰি কি জানি আজি নিশাই মান আহি পায়। মোৰ যদি কথা শুনে তেন্তে আমাৰ এতিয়াৰে পৰা সাজু হোৱা যুগুত। দেউতাই এতিয়াই ডোমহঁতক আানিবলৈ পঠাওক। দেউতাৰ গড়ৰ তিনিউ দুৱাৰমুখে উত্তৰ দুৱাৰমুখটো এৰি, তিনিটা বৰটোপ