ডেকা আছিল। তেওঁৰ বয়স একুৰি দুবছৰ মান হৈছিল। তেওঁৰ মুখখান বহল; অলপ অলপ গোফ ঠুটিয়াইছে। নাকটো দীঘল বৈ পৰা। ওঠ দুটা ঘূৰণীয়া। তেওঁৰ বৰণ বগা, হাত-ভৰিবিলাক সুঠাম আৰু শকত-আৱত। বুকুখন বহল, গাটো নোদোকা। তেওঁ বৰ দীঘলো নহয়, চুটিও নহয়। আমাৰ এই ডেকাজনে প্ৰায় দুকুৰি মানুহেৰে সৈতে ফুৰিছিল।
মহাপ্ৰভুৰ খাটোলাৰ পাছে পাছে ফুৰি থাঁকোতে এই ডেকাজনে এবাৰ কীৰ্ত্তনঘৰৰ পিৰালিত থিয় দি থকা গাভৰুজনীৰ ফাললৈ অলপ কেৰাহিকৈ চালে গাভৰুজনীয়েও ডেকাজনৰ ফাললৈ চালে। চাৰিচকুৰে মিলন হ'ল। দুইকো দুইও অলপ পৰ চাই ৰ'ল। এনেতে মহাপ্ৰভুৰ খাটোলাখন ঘুৰি আহি সেইখিনি পোৱাত সেই মনুষ্য-সাগৰৰ ঢৌত পৰি ডেকাজন গাভৰুজনীৰ চকুৰ পৰা আঁতৰ হ’ল।
লক্ষ্মী আইৰ খাটনিয়াৰে সৈতে তৰ্ক কৰি মহাপ্ৰভুৰ খাটনিয়াৰ হাৰিল। মহাপ্ৰভুৱে ৰূপ তিনি শ দঁড় পেলাই মন্দিৰলৈ সোমাল গধূলি হ’ল। ফাকুৱাও শেষ হ’ল। সকলো মানুহেই ঘৰাঘৰি গ’ল।