পৃষ্ঠা:Manomati.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪
মনোমতী

হটঙা দীঘল, আৰু শকত হাড়ৰ আছিল। তেওঁৰ বৰণ তেলকলা, মুখখন সুন্দৰ ঘূৰণীয়া। মুখত একোচা বৰ দীঘল আৰু শকত গোঁফ। হাতভৰিবিলাক শকত আৱত। তেওঁৰ গাত ইমান বল আছিল যে প্ৰবাদ আছে তেওঁ হেনো মতা মহটোকে শিঙত ধৰি ৰাখিব পাৰিছিল, সেই সময়ত অসমৰ প্ৰায় সকলো ডাঙৰীয়া, বিষয়া সকল আৰু সাধাৰণ প্ৰজাবৰ্গৰ ভিতৰতো দুই এজন মানুহ ইমান ডাঙৰদীঘল বলী, আৰু বুকুডাঠী আছিল যে আমি এতিয়া সেই পুৰুষসকলৰ সতি সন্তান বুলি চিনাকি দিবলৈকে লাজলগা হৈছে।

 মানুহে কৈছিল, চণ্ডী বৰুৱা হেনো বৰ প্ৰতাপী আৰু তাৰ লগে লগে অলপ দৌৰাত্যকাৰী বিধৰ মানুহ আছিল। কিন্তু আমি ভালকৈ জানিব পাৰিছোঁ চণ্ডী বৰুৱা নিজে কোনে দৌৰাত্যকাৰী বিধৰ মানুহ নাছিল। তেওঁৰ আঁৰত থাকি তেওঁৰ তলতীয়া দুই এজন বিষয়াইহে সাধাৰণ প্ৰজাবৰ্গৰ ওপৰত কেতিয়াবা কেতিয়াবা অলপ অচৰপ অত্যাচাৰ কৰিছিল। দৰাচলতে চণ্ডী বৰুৱাৰ প্ৰকৃতি বৰ শান্তশীল। তেওঁৰ মনত খং, হিংসা, পৰশ্ৰীকাতৰতা ইত্যাদি কুপ্ৰবৃত্তিবিলাক নাছিল। তেওঁ হোজা বিধৰ মানুহ। যেয়ে যেনি নিয়ে সেই পিনেই চলিছিল। হোজা হোৱাৰ নিমিত্তেই তেওঁৰ সকলো কাৰ্য্য শোপা-ঢিলা আছিল; সেই কাৰণে যুগীৰ পামৰ পৰা ইমান ওচৰতে থাকিও আাজিলৈকে মান অহা কথা বুজ পোৱা নাছিল।

 পমীলা যেতিয়া তেওঁৰ ওচৰ চাপিছিল তেতিয়া তেওঁ