সমললৈ যাওক

পৃষ্ঠা:Manomati.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঊনবিংশ অধ্যায়।
বৰনগৰ আক্ৰমণ

 পমীলাই মনোমতীৰ তাৰ পৰা ওলাই আহি ফুলনিত বহি অলপ পৰ শোক কৰি নিজৰ মনক প্ৰবোধ দি চণ্ডী বৰুৱাৰ চৰাঘৰলৈ আহিল। পমীলা যেতিয়া এইদৰে আহিছিল তেতিয়া চণ্ডী বৰুৱাই চৰাঘৰত বৰ ওখ গাৰু এটাৰে সৈতে পাটি পৰা খাট এখনত বহি আছিল। তেওঁৰ আগত শান্তিৰাম ভকত আৰু আন এজন মানুহ বহি কথাবতৰা পাতিছিল। তেওঁৰ সমুখত এখন ৰূপ খটোৱা ডাঙৰ শৰাইত তামোলপান আছিল। একাষে এটা চৰিয়াৰ ওপৰত মুখত এখন ফুলাম গামোছাৰে সৈতে এটা ৰূপৰ ডগডগি লোট। বটাটোৰ কাষত এটা পিকদান; মূৰ শিতানৰ ফালে এডাল দীঘল নলেৰে সৈতে ধোৱাঁখোৱা। চৰাঘৰটোৰ চৌতিবিলাকত ঠায়ে ঠায়ে হাতীৰ ফয় আৰু আন আন জৰী। সিফালে একাষত হিঙ্গুল হাইতাল খুউৱা দুখন ডোলা। চৰাঘৰৰ বৰ বৰ শালৰ খুটাবিলাকত পহুৰ শিং। সেই শিংবিলাকত প্ৰত্যেকটোৰ ওপৰত দুই চাৰিখন তৰোৱাল। বুলনী ঘৰলৈ সোমাই যোৱা দুৱাৰ মুখৰ ওপৰৰ বেৰখনত দহ বাৰ খন বাৰূ আৰু সেই বাৰূৰ দুইওকাষে দহপাত শেল।

 আমি যি সময়ৰ কথা লিখিছোঁ সেই সময়ত বৰনগৰীয়া চণ্ডী

বৰুৱাৰ বয়স দুকুৰি বছৰমান হৈছিল। তেওঁ মানুহজন বৰ