পৃষ্ঠা:Manomati.pdf/১১৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১১২
মনোমতী

ঘৰলৈকে যায় সেই ঘৰতে মানহঁতকহে লগ পায়। তেওঁ বৰ আচৰিত হ’ল। তাৰ পাছত তেওঁৰ গাৱৰ মানুহবিলাকলৈ শোক এটা হ’ল। কিন্তু যেতিয়া মানবিলাকৰ পৰা জানিলে সিহঁতে আহি শুদা গাওঁ পাইছে; তেতিয়া তেওঁ জানিলে তেওঁৰ দিহা মতে পুতেক, ঘৈণীয়েক, জীয়েক গোৱালপাৰালৈ গ'ল। গাৱঁৰ মানুহবিলাকো কৰবালৈ গ’ল। গাৱঁৰ কোনো মানুহৰে হানি নোহোৱা শুনি তেওঁ সুস্থিৰ হ’ল। এইদৰে নিজৰ মনক প্ৰবোধ দি তেওঁ মানৰ সেনাপতিক গাৱঁলৈ তুলিলে আাৰু নিজৰ ঘৰ দুৱাৰ দেখুৱাই অলপ পৰ সসৈন্যে জিৰাবলৈ কলে। মিঙ্গিমাহাও তেওঁৰ কথামতে জিৰাল। তাৰ পাছত ৰাতি ছয়দাঁড় মান থাকোঁতে হলকান্ত বৰুৱাৰ দিহা আৰু যুক্তিমতে দুইও জাক মান লগ হৈ সকলোটিয়েই হাতত মুকলি তৰোৱাল লৈ বৰনগৰীয়া বৰুৱাৰ হাউলিৰ ফাললৈ বাট ললে। সিহঁতৰ নাওঁবিলাক অসমীয়া বন্দীহঁতে নৈৰে উজাই নিলে।