মান আহিব লাগিছে!” এই বুলি কৈয়েই সিহঁত চাইটা নিজ নিজ ঘৰলৈ গৈ সিহঁতৰ লৰা-তিৰুতাবিলাকক যেনে পালে তেনেই লৈ ঘৰৰ বয়-বস্তু ঘৰতে এৰি বৰপেটাৰ মুখে বাট ললে। বৰুৱানীয়েও প্ৰায় কুৰি পঁচিশজন মানুহ লৈ খোজ কাঢ়িয়েই বৰপেটা পালেগৈ। তেওঁ যাবৰ পৰত বাটে বাটে পুতেক আাৰু গিৰিয়েকৰ নিমিত্তে কান্দি গ’ল। মান অহা বাতৰি পাই গাৱৰ আটাইবিলাক লৰা তিৰুতা বৰপেটাৰ ফাললৈ লৰ ধৰিলে। চাই থাকোঁতে থাকোতে তিনি দাঁড়মান সময়ৰ ভিতৰতেই যুগীৰ পামত এটিও মানুহ নোহোৱা হ’ল।
বজালীৰ বাটেদি অহা মানজাকে নিশা এপৰ মান হোৱাত আহি “যুগীৰ পাম” পালে। গাওঁ পাই সিহঁতে গাৱৰ শুদা ঘৰদুৱাৰবিলাক দেখিলে। ৰাতি হোৱা দেখি সিহঁতে গাৱঁৰ সেই মানুহ নোহোৱা ঘৰ বিলাকত সোমাল আৰু হাহি খিকিন্দালি কৰি যতে যি খাবৰ বস্তু পালে যাৰে সেইবিলাক লুটি পুটি খাই —জুম বান্ধি বান্ধি সেই গাৱঁতে থাকিল।
ইফালে হলকান্ত আৰু মিঙ্গিমাহাও সেই নিশাই নিশা দুপৰ হোৱাত নাৱেৰে আহি যুগীৰ পাম পালে। তাতে হলকান্তই অলপ পৰ নাও ৰাখিবলৈ দিলে, তাৰ পাছত “মই ঘৰৰ পৰা আহোঁ” বুলি মিঙ্গিমাহাত অমুমতি খুজিলে। মিঙ্গিমাহাই তেওঁৰ লগত পাঁচোটা ৰণুৱাদি ঘৰলৈ যাবলৈ দিলে। তেওঁ সেই ৰণুৱা লৈ লৰা তিৰুতাৰ মুখ দেখিম বুলি আশা কৰি গ’ল; কিন্তু তেওঁ গাওঁ পাই দেখিলে গাৱঁত এটিও অসমীয়া মানুহ নাই। ষি