যুগীৰ পামত
যুগীৰ পামৰ পৰা ডেকা-বৰুৱা বৰনগৰলৈ যাবৰ দিনাই গধূলি চেঙ্গা গাৱঁৰ হলকান্ত বৰুৱাই পঠোৱা সেই মানুহ কেইটা আাহি “যুগীৰ পাম” পালে আৰু বৰুৱানীৰ আগত মান যে ভটিয়াই আহিব লাগিছে এই কথাটো কলে। বৰুৱানীয়ে শুনি বিবুদ্ধি হ’ল। তেওঁৰ গিৰিয়েক আৰু পুতেকলৈ চিন্তা হবলৈ ধৰিলে। শেষত একো উপায় নেপাই তেওঁ গাৱঁৰ তজোৰাম নামেৰে গাওঁবুঢ়া এজনক মতাই আনি কলে—“তজোৰাম। এতিয়া আমাৰ কি উপায় হব? ডাঙৰীয়াৰ বা কি হ’ল; বোপা সৈন্য আনোগৈ বুলি ক’ত ৰল, ইয়াৰ একোকে নেজানিলোঁ।” তজোৰাম—“আই। কি উপায় কৰিব লাগে কওক। মোৰ মনেৰে হলে আপোনালোকক ইয়াৰ পৰা লৈ গৈ বৰপেটাত নি এঠাইত থব লাগে। আপোনালোকে যি অলপ-অচৰপ বস্তু নিব খোজে, তাক টালিটোপোলা বান্ধক।” বৰুৱানীয়ে কলে— “মোৰ বোপানো ক’ত থাকিল তাৰ ভু লব নোৱাৰানে?” তজোৰাম—“আই মানুহ পঠাওঁ। আপোনালোকে খাই বই উঠক।” তজোৰামৰ এই কথাত বৰুৱানীয়ে জীয়েকে সৈতে খাই উঠিল৷ এনেতে সিফালৰ পৰা ডেকা বৰুৱাক বিচাৰিবলৈ যোৱা মানুহ চাইটাও হাবাথুৰি খাই গাৱঁলৈ লৰি আহিল আৰু বৰুৱানীক কলে—“আই! পলাওঁক। ইফালৰ পৰাও বামেদি