ডেকা—গাভৰু
বৰনগৰীয়া বৰুৱানীৰ অনুমতি লৈ পমীলা মনোমতী দুয়ো হাতত ধৰাধৰি কৰি ফুলনি পালেগৈ। তাত দুয়ো জোনৰ পোহৰত পুখুৰীটোৰ পাৰত বহি পুখুৰীৰ পানীলৈ, নিৰ্ম্মল আকাশলৈ আৰু ফুলগছ বিলাকলৈ চাবলৈ ধৰিলে। এইদৰে কিছুমান পৰ দুয়ো প্ৰকৃতিৰ সৌন্দৰ্য্য উপভোগ কৰি মনোমতীয়ে মাত লগালে—“সখি! আজি ৰাতিটো কেনে চিকণ! চোৱাঁ চোন সৌ জোনাবাইটী নীল আকাশখনত লক্ষ লক্ষ তৰাৰ মাজত কেনেকৈ জিলিকিব লাগিছে! সেই জোনৰ পোহৰত পুখুৰীৰ পানীবিলাক কেনে চিকণ দেখা গৈছে! গছলতাবিলাকে কেনে ৰূপোৱালী সাজেৰে সুশোভিত হৈছে! সখি! মোৰ এনেহে মন যায় মই যেন সদায় এনে সুখৰ ৰাতি দেখি থাকিম।”
পমীলা—“সখি! এৰা মোৰো সদায় এনেকুৱা সুখৰ ৰাতি দেখি থাকিবলৈ ভাল লাগে। কিন্তু এনেকুৱা সুখৰ ৰাতি সদায় নেথাকে। আজি পূৰ্ণিমা। কালিৰ পৰা জোনটী লাহে লাহে মাৰ যাবলৈ ধৰিব, আৰু আঁউসীৰ দিনা একেবাৰে মাৰ যাব। তাৰ পাছত লাহে লাহে আকৌ বাঢ়ি যাব। আকৌ পূৰ্ণিমা হব।”
মনোমতী—“বাৰু এইটোনো কিয় হয় কব পাৰা?”
পমীল—“এইটোৱেই নিয়ম। জোনবাইটীয়ে হেনো এই দৰে বাঢ়িটুটিয়েই সুখ পায়।”