এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৫
নাৱত
হলকান্ত—“এৰা। আজি আমি নাও মাৰি ওৰে দিনটো গলে আধাআধি বাট পাম। কালি ৰাতি গৈ তেওঁৰ গড় আক্ৰমণ কৰিব পৰা যাব। কিন্তু সখি! এটা কথা। যাওঁতে বাটতে “যুগীৰপাম” নামেৰে এডোখৰ পাই পাব। সেই ঠাইডোখৰ মোৰ। তাত তুমি একো অন্যায় নকৰা যেন।”
মিঙ্গিমাহা—“তোমাৰ ঠাই হলেই মোৰ। তুমি ভয়। নকৰিবা।”
এই দৰে কথা বতৰা পাতি মিঙ্গিমাহা সসৈন্যে হলকান্তক লগত লৈ ভটিয়াবলৈ ধৰিলে। হলকান্তই তেওঁ যে মিঙ্গিমাহাৰ দোৱনীয়া হৈ নিজৰ ঠাইলৈকে উলটি যাব লাগিছে এই সম্বাদ ঘৰলৈ পঠাব নোৱাৰিলে। মানহঁতে চেঙ্গাৰ পৰা নৈৰে ভটিয়াই আহোঁতে বাটতে নওগাওঁ প্ৰভৃতি ঠাইতে লুটপাট কৰি দেশ নগৰ উপান্ত কৰিলে।