বহি কথা বতৰা পাতি থকা লগ পাই শান্তিৰাম ভকতক একাষৰীয়া কৰি মাতি নি কাণৰ কাষত অলপ কিবাকিবি কৈ লক্ষ্মীকান্ত বৰুৱাক কলে—“দেউতা। মোৰ লগত আহক। সকাম আছে।” লক্ষ্মীকান্তই পমীলাৰ এই কথাত একো উত্তৰ নিদি মন্ত্ৰমুগ্ধ এটি ভেড়াৰ দৰে পমীলাৰ পাছে পাছে গ’ল। পমীলাই তেওঁক এটি দুটিকৈ তিনটি গড় পাৰ কৰাই নি মনোমতীৰ ফুলনিত সুমুৱালে আৰু ফুলনিখন দেখুৱাই শেহত নি জুৰ লোৱা ঘৰটোৰ পচিমৰ খোটালিটোৰ ভিতৰত থকা শয্যাখনত বহুৱাই কলে—“দেউতা! ইয়াতে জুৰ লৈ বহি থাকক। সেই পোনে বটাতে তামোল আছে খাওক। ভাগৰ লাগিছে যদি শয্যাতে শোৱক। আজি নিশালৈ আপুনি নিৰ্ব্বিঘ্ন মনৰে এই ঘৰতে শোৱক। মই এতিয় আহোঁ৷” এই বুলি লক্ষ্মীকান্তক সকলো যতন কৰি দি বঢ়াই বুজাই থৈ পমীলা ঘৰলৈ আহিল। তেওঁ এইবাৰ ঘৰ পাই দেখিলে বৰুৱাৰ খোৱা শেষ হৈ গৈছে আৰু বৰুৱা মেলচৰালৈ ওলাই গৈছে। তেতিয়া তেওঁ, মনোমতী, বৰুৱানী এটাইবিলাকেই খোৱা বোৱা কৰিলে। আৰু এটাই বিলাকেই খাই বই উঠি বৰুৱানীৰ শোৱা খোটালিত আহি বহিল। বৰুৱানীয়ে তামোল চালি কাটিবলৈ ধৰিলে। পমীলাই কলে— “আই দেউতা! আাজি নিশাটো বৰ চিকণ। নেদেখিছে পূৰ্ণিমাৰ জোনটি কেনে ফটফটিয়াকৈ জলিছে। আই দেউতাই অনুমতি দিলে আজি সখী আৰু মইয়ে আমাৰ ফুলনিত গৈ জুৰ লব খোজোঁ। আই দেউতাই জুৰ লবলৈ নে যায়নে?” পমীলাৰ
পৃষ্ঠা:Manomati.pdf/১০৬
অৱয়ব