সমললৈ যাওক

পৃষ্ঠা:Manomati.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

“সখি! আহিলানে, দেখোন বৰ পলম কৰিলা। তুমি কি কৰা ক’ত ফুৰা তাক আৰু আমি বুজিবই নোৱাৰোঁ।” পমীলা “সখি! বুজিব নোৱাৰিবাইতো। সখি! এটা কথা সোধোঁ। ভাত হলনে?” মনোমতী—“ভাত হৈছে। কিন্তু দেউতাই গা ধোৱা নাই।” পমীলা—সখি! তুমি বহা তামোল কাটা। মই আইদেউতাৰ তাৰ পৰা আহোঁ।” মনোমতী—“তোমাৰ দেখোন ততেই নাই! একো দেখোন কথা বতৰাই নহলা। তুমি আজিকালি মোক ভাল নোপোৱা হবলা। সেই দেখিহে আমাৰ আগত কথা কবলৈ ঘিণ কৰা।” মনোমতীৰ এই কথাত পমীলাই চেনেহ চকুৰে মনোমতীলৈ ক্ষন্তেক পৰ চাই তাৰ পাছত মনোমতীক আকোৱালি ধৰি চুমা এটি খাই কলে—“সখি! তুমিয়ে সৈতে মোৰ ভালেমান কথা বতৰা আছে। আমি খাই বৈ উঠি দুয়ো আজি ফুলনিলৈ জুৰ লবলৈ যাম দিয়া। তাতে জুৰো লম আৰু কথা বতৰাও হম।” এইদৰে মনোমতীক প্ৰবোধ দি পমীলা বৰুৱাৰ ঘৰৰ ফাললৈ গ’ল আৰু তাত বৰুৱানীক দেখা কৰি ৰান্ধনি ঘৰৰ ফাললৈ গৈ দেখিলে ভাত হৈছে। বৰুৱাও গোঁসাই ঘৰত সোমাই নাম লবলৈ ধৰিছে। ইবিলাক বেটী-বন্দী সকলোৱে খোৱা লোৱাৰ ঠাই অতোৱা ইত্যাদি কাৰবাৰত উখল মাখল লগাইছে। তেওঁ বৰুৱানীক “আইদেউতা! মই অলপ আহোঁ৷” বুলি বিদায় লৈ গড়ৰ ভিতৰৰ পৰা ওলাই একেবেলিয়ে শান্তিৰাম ভকতৰ বহালৈ আহিল আৰু তাত শান্তিৰাম ভকতাকে আৰু ডেকা বৰুৱাকে