লক্ষ্মীকান্ত—“আপুনিনো এওঁ বৰুৱাৰ লগ লাগিল কেনেকৈ? আপুনি দেখোন আমাৰ লগ লাগিব লাগিছিল। আপুনিও উজনীয়া আৰু আমিও আগৰ অহমীয়া মানুহ।” শান্তিৰাম— “বপা! মই গুৱাহাটীৰ পৰা ইয়ালৈ আহি বৰপেটাৰ থানত কেৱলীয়া হাটীত দুবছৰ থাকোঁ। তাৰ পাছত গল বছৰি মই এওঁ বৰুৱাৰ নাম শুনি এওঁৰ ইয়ালৈ ভিক্ষা মাগিবলৈ আহোঁ। আপোনাৰ আগত কালি গোৱাৰ দৰে এওঁক মই গীত গাই শুনাওঁ। কি কথা কব নোৱাৰোঁ বৰুৱাই দেখোন মোৰ গীত পদ শুনি মোক আক আন ঠাইলৈ যাব নিদিলে। মৰম কৰি মোক এই ঘৰযোৰ সজাই দিছে। সদায় মোক পোহপাল দি যত্ন কৰি ৰাখিছে। তেওঁৰ মৰমত বন্দী হৈ মই আক আান কলৈকো যাব নোৱৰা হৈছোঁ। মই সদায় তেওঁক গধূলি গধূলি গীত পদ গাই শুনাব লাগে। এইয়ে হৈছে মোৰ বাব। আৰু মান পৰৰ মূৰত তেওঁৰ খোৱাবোৱা হৈ উঠিলেই মোক মতাই পঠাব।” এইদৰে লক্ষ্মীকান্ত ডেকা বৰুৱাই আৰু ভকতে কথা বতৰা পাতিবলৈ ধৰিলে।
ইফালে পমীলাই ডেকা বৰুৱাক শান্তিৰাম ভকতৰ বহাত থৈ আহি গড় সোমাই মনোমতীৰ ঘৰলৈ গ’ল। পমীলা যি সময়ত মনোমতীৰ ঘৰ সোমাইছিল সেই সময়ত মনোমতীয়ে তেওঁৰ শোৱা খোটালিত বহি বটাত তামোলচালি কাটিবলৈ ধৰিছিল; এনেতে পমীলা গৈ পালে। পমীলাক দেখিয়েই মনোমতীয়ে তামোল কাটিবলৈ ক্ষন্তেক পৰ এৰি সুধিলে—