পৃষ্ঠা:Manomati.pdf/১০৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


পঞ্চদশ অধ্যায়
ৰাঙ্গধালী পমীলা

 কদম গছৰ তলৰ পৰা পমীলা, শান্তিৰাম ভকত, আৰু লক্ষ্মীকান্ত ডেকা বৰুৱা, তিনিও আাহি প্ৰায় সাজ লাগোঁতে বৰুৱাৰ হাউলি পালে। তাতে শান্তিৰাম ভকতে আৰু পমীলাই আলচ কৰি লক্ষ্মীকান্ত ডেকা বৰুৱাক শান্তিৰাম ভকতৰ বহাত নি সুমালে। পমীলা গড়ৰ ভিতৰলৈ গ’ল; শান্তিৰাম ভকতে লক্ষ্মীকান্ত ডেকা বৰুৱাক কাবৌ-কোকালি কৰি আৰু নিজে আলপইচান ধৰি চাইটা ভাত ৰান্ধিবলৈ দিলে। লক্ষ্মীকান্ত ডেকা বৰুৱাইও ভকতৰ কথা পেলাব নোৱাৰি দুখে কষ্টে চাইটা ভাত ৰান্ধি খালে। তেওঁৰ পাছত শান্তিৰাম ভকতেও ৰন্ধা বঢ়া কৰি চাইটা ভাত খালে। এইদৰে দুইও খাই বই উঠি মেল পাতিবলৈ ধৰিলে। লক্ষ্মীকান্তই সুধিলে—“আতৈ আপুনিনো আগৰ কৰ মানুহ? ” শান্তিৰামে কলে—“বাপ! মই উজনিৰ ৰঙ্গপুৰৰ মানুহ।” লক্ষ্মীকান্ত—“আপুনিনো ইয়ালৈ কেনেকৈ আহিল?” শান্তিৰাম—“মই উজনিত মানৰ উপদ্ৰৱত পলাই আহিছোঁ। উজনি এৰি আহিবৰ আজি তিনি বছৰ হ’ল।” লক্ষ্মীকান্ত— “আপোনাৰনো উজনিত কোন কোন আছে?” শান্তিৰাম— “উজনিত মোৰ আৰু এতিয়া কেৱে নাই।” লক্ষ্মীকান্ত— “আপুনিনো এইখিনি কেনেকৈ পালেহি?” শান্তিৰাম—“বাটে বাটে তিনি মাহে খোজ কাঢ়ি আহি এইখিনি পোৱা হৈছে।”