পৃষ্ঠা:Kirtan Ghosha.pdf/৯৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


by কীৰ্তন-ঘোষা হেন বৰ পায়া বল বালি অশেষ। ভ্ৰাতৃ-বৈৰী বুলি কৰে মাধৱক দ্বেষ। তিনিও লোকক বশ্য কৰি দৈত্য-পতি। কাঢ়ি লৈল বলে মহেন্দ্ৰৰ অম্ৰাৱতী॥ ৯৭ ভয়ে দাৰুণক ত্ৰিজগতে কৰে সেৱ। ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ বিনা খাটে সৰ্বদেৱ। এহিমতে দিব্য ভোগ ভুঞ্জে আসৰিশ। বহি গৈল অসংখ্যাত সহ বৰিষ॥ ৯৮ দেৱতাগণৰ আৰ নাহি সুখ-শান্তি। নোন্ত উপায় একোমতে গুণি-গাচ্ছি। কৃষ্ণৰ চৰণে সৱে লৈলন্ত শৰণ। হৰি বিনা নাহি আউৰ দুৰ্গতি-তাৰণ। ৯৯ এহি বুলি বায়ু ভক্ষি নিদ্ৰা পৰিহৰি। মাধৱক আৰাধন্ত কষ্ট-ব্ৰত ধৰি। কহে কৃষ্ণকিঙ্কৰে শঙ্কৰে কৃষ্ণ কথা। বোলা হৰি হৰি জন্ম নকৰিয়ো বৃথা॥ ১০০ পা | ভূঞ্জে আসশিখিয়া অশ্যে।