পৃষ্ঠা:Kirtan Ghosha.pdf/৯৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ 1 কীৰ্ত্তন-ঘোষ শূলক তুলি গৰ্জে দৈত্যনাথ। দশন কামুৰি ঝঙ্কাৰে মাথ॥ ৭৯ দানৱগণক মাতে সম্মুধি। মাৰিব বৰাহক শূলে বিন্ধি। বধিলে আমাৰ ভ্ৰাতৃ কনিষ্ঠ দেৱব্ৰাহ্মণৰ চিন্তা অনিষ্ট। ৮০ পৃথিৱীক লাগি কৰা গমন। তপ জপ যজ্ঞ কৰিয়ো ছন্ন বিষ্ণুসে সৱাৰ জানা আশ্ৰয়। গৰু ব্ৰাহ্মণৰ কৰা প্ৰলয়॥ ৮১ হেয় আজ্ঞা কৰি দৈত্য-ৰাজ। ভ্ৰাতৃৰ পাছে কৰি প্ৰেত-কাজ। কথায়ে আশ্বাসিয়া বান্ধৱক। তপক লাগি গৈল মনৰক৮২ আকাশ চাই উৰ্দ্ধবাহু হুই। থাকিলা ভূমিক অঙ্গুষ্ঠে ছুই। পা পদ ৮২॥ আখালিয়া বান্ধৱক-আখল কৰি দৈত্যক। আলি কৰি দিতি। { ভ্ৰাতৃপুনত্বৎ ভাগৱত ৭২১৭ দিতি অননীং গি।•••ইদহভাগৱত ৭১১৯]