পৃষ্ঠা:Kirtan Ghosha.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৮]
৮৩
প্ৰহ্ৰাদ-চৰিত্ৰ


পাছে দুয়ো এড়ি নিজ কায়।
কশ্যপৰ বীৰ্য্য়ে লৈলা ঠাই॥
স্বামীৰ সংযোগে পাছে দিতি॥
অনুক্ৰমে ভৈল গৰ্ভাৱতী॥ ৭৬
কৃষ্ণৰ কিঙ্কৰে এহু ভণে।
নেড়িবা কীৰ্ত্তন একো জনে॥
কেতিক্ষণে পড়ে ইটো কায়।
হৰি হৰি ঘুষিয়ো সদায়॥ ৭৭

অষ্টম কীৰ্ত্তন

ঘোষা॥ হৰি ৰাম হৰি ৰাম এ মুল মন্ত্ৰ।
 কলিত নাহি তপ যজ্ঞ যন্ত্ৰ॥৮


পদ॥ দিতিৰ গৰ্ভে দুয়ো ভৈল জাত।
 হিৰণ্যকশিপু নামে প্ৰখ্যাত॥
 হিৰণ্যাক্ষ নামে কনিষ্ঠ তাৰ।
 যুদ্ধত বৰাহে চিন্তিল মাৰ॥ ৭৮
 শুনিয়া হিৰণ্যে ভ্ৰাতৃৰ বধ।
 ক্ৰোধে আৰকত চক্ষু তবধ॥


পা ঘোষা ৮॥ তপ যজ্ঞ যন্ত্ৰ-তপ যজ্ঞ মন্ত্ৰ, জপ যজ্ঞ যন্ত্ৰ।