পৃষ্ঠা:Kirtan Ghosha.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
[খণ্ড ৬
কীৰ্ত্তন-ঘোষা

সুমৰিয়ো পুৰাণী কথাক।
চিন্তি আছো মঞি আপুনাক॥
আমাৰ পাশক আসা লক্ষ্মী।
তাঙ্কো নিবাৰিলা দুয়ো দেখি॥ ৭১
ক্ৰোধে বুলিলন্ত লক্ষ্মী শাপি।
হুয়োক অসুৰ দুয়ো পাপী॥
হেন জানি হুয়ো দুয়ো দৈত্য।
ভকতৰ ভয় আছে কৈত॥ ৭২
বৈৰভাৱে চিন্তিবাহা মোক।
অল্পকালে পাইবা এহি লোক॥
দুঃখৰ কৰিবো মঞি অন্ত।
এহি বুলি পাছে ভগৱন্ত॥ ৭৩
লক্ষ্মী-সমে গৈয়া ধীৰে ধীৰে।
প্ৰৱেশিলা ৰত্নৰ মন্দিৰে॥
পাছে দুয়ো মুখ্য পাৰিষদ।
এড়ি সৱে বৈকুণ্ঠ-সম্পদ॥ ৭৪
শ্ৰী-হত হুয়া অধোমুখে।
বিমানৰপৰা পড়ে দুঃখে॥
হেন দেখি বৈকুণ্ঠক ছন্নি।
কৰে সৱে হাহাকাৰ ধ্বনি॥ ৭৫