পৃষ্ঠা:Kirtan Ghosha.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৭
৮৯
প্ৰহ্ৰাদ-চৰিত্ৰ


লৈয়া তান্তে অনুমতি।
আকাশে কৰিলা গতি॥
বৈষ্ণৱৰ শ্ৰীক চাই।
মনে প্ৰশংসন্তে যায়॥ ৬৭
কৃষ্ণৰ কিঙ্কৰে ভণে।
শুনিয়োক সৰ্ব্বজনে॥
অন্তকে পাইলেক পৰা।
ৰাম হৰি বুলি তৰা॥ ৬৮

সপ্তম কীৰ্ত্তন

 ঘোষা ॥পৰমানন্দ কৰা কৃপা ভৃত্যক সম্প্ৰতি।
তুমি বিনা নাই আন গতি॥৭


পদ॥ পাছে জয় বিজয়ক হৰি।
 কৰিল আশ্বাস দুইকো ধৰি॥
 অসুৰ-যোনিক যাহা তয়।
 নকৰিবা মনে কিছো ভয়॥ ৬৯
 তোৰা দুইৰ থাকোক কল্যাণ।
 মই দুঃখ কৰিবো নিৰ্য্যাণ॥
 ব্ৰহ্ম-শাপ নকৰো উৎসন্ন।
 আছে পদে মোৰ প্ৰয়োজন॥ ৭০