সমললৈ যাওক

পৃষ্ঠা:Kirtan Ghosha.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
[খণ্ড ৩
কীৰ্ত্তন-ঘোষা

মান্য কৰি ব্ৰাহ্মণক।
শিক্ষা দিয়া সামান্যক॥ ৬২
ধৰ্ম্ম-পথ ৰক্ষা কৰি।
সৃষ্টি প্ৰবৰ্ত্তাৱা হৰি॥
তযু পাৰিষদ দুই।
আকো শপো মুনি হুই॥ ৬৩
কৰিলো দাৰুণ পাপ।
দণ্ডিয়ো জগত-বাপ॥
এহি বুলি মৌন ভৈলা।
মাধৱে বুলিবে লৈলা॥ ৬৪
মুনিগণ এড়া তাপ।
আমিসে দিয়াইলো শাপ॥
বৈৰভাৱে চিন্তি মোক।
দুনাই পাইবে এহি লোক॥ ৬৫
বোলো মহা মনতুষ্টি।
শুনি চাৰি সিদ্ধে উঠি॥
মাধৱক প্ৰদক্ষিণি।
প্ৰণামিয়া বাৰ তিনি॥ ৬৬


 পা• পদ ৬৪॥ দণ্ডিয়ো—ক্ষমিয়ো।