পৃষ্ঠা:Kirtan Ghosha.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৬]
৭৯
প্ৰহ্ৰাদ-চৰিত্ৰ

ষষ্ঠ কীৰ্ত্তন

ঘোষা ॥ ৰাম ৰাম মুকুন্দ।
ত্ৰাহি ত্ৰাহি গোৱিন্দ॥ ৬
পদ॥ তোমাৰ বচন স্বামী।
 নুবুঝিলো কিছু আমি॥
 আপুনি ঈশ্বৰ হুয়া।
 বোলাহা কৰিয়ো দায়া॥ ৫৯
 ত্ৰিজগতে কৰে সেৱ।
 বোলা মোৰ বিপ্ৰে দেৱ॥
 যত দেৱ দ্বিজ ভূমি।
 সৱাৰো দেৱতা তুমি॥৬০
 ধৰ্ম্মৰো পৰম গুহ্য।
 তুমি জগতৰে পূজ্য॥
 যাৰ ৰূপ হিয়ে ধৰি।
 দুস্তৰ মৃত্যুক তৰি॥ ৬১
 তাঙ্ক আনে কৰে দায়া।
 কোনে বুঝিবেক মায়া॥


    • ঘোষা ৬ ॥ মুকুন্দ-গোৱিন্দো।

 গোৱিন্দ-মুকুন্দ॥