পৃষ্ঠা:Kirtan Ghosha.pdf/৮৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭২
[ ঘোষা ৯৭২
নাম-ঘোষা

ৰাম হৰি জয় ৰাম ৰাম হৰি জয় ৰাম ৰাম॥ ৯৭২
এ হৰি হৰি ৰাম জয়।
ৰাম হৰি জয় ৰাম গোৱিন্দ॥ ১৭৩
ৰাম জয় জয় ৰাম জয়।
মুকুন্দ মুৰাৰি ৰাম হৰি জয়॥ ৯৭৪

খেদ

ঘোষা।৷ এ হৰি হৰি হৰি হৰি
 কি কাম কৰিলো আমি।
 হৰি হৰি হৰি
 সাধু-সঙ্গ লৈয়া তোমাক নভজি
 ভৈলো কিনো অধোগামী॥ ৯৭৫

পদ।৷ নিজ দাস হুয়া সেৱাক তেজিলো।
 এই দোষে ঘোৰ আপদে মজিলো ৯৭৬
 তুমিসি সুহৃদ আত্মা প্ৰিয়তম।
 তথাপি তোমাক নভজো কি মঞি অধম॥ ৯৭৭
 তুমি নিজ পিতৃ গুৰু ইষ্ট মোৰ।
 মই মন্দমতি ভৈলো সেৱা-চোৰ।৷ ৯৭৮
 অধমকো তাৰে তোমাৰ ভকতি।
 তথাপি তোমাক নভজো কুমতি।৷ ৯৭৯
 ইষ্ট দেৱ বুলি তোমাক নধৰো।
 নিকাৰ ভুঞ্জিয়া সংসাৰতে মৰো॥ ৯৮০