পৃষ্ঠা:Kirtan Ghosha.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
খণ্ড ৬
কীৰ্ত্তন-ঘোষা

সম্মুধি প্ৰবোধে সাধু বচনে।
কৰিলেক বশ্য মোক সিজনে॥ ৫৪

পাৰিষদ জয় বিজয় দুই।
তোমাসাৰ শাপে অসুৰ হুই॥
দুনাই বৈকুণ্ঠক ঝাণ্টে আসোক।
হেন অনুগ্ৰহ কৰিয়ো মোক॥ ৫৫

আছন্ত সৰে যদি খেদ-চিত্তি।
কৃষ্ণ-বাক্যামৃতে ভৈল তৃপিতি॥
কৃষ্ণৰ বাক্যক কৰি বিচাৰ।
নুবুজিলা কিছু আশয় তাৰ॥ ৫৬

মিলিল আনন্দ দ্ৰৱিল চিত্ত।
লোতক স্ৰৱে তনু লোমাঞ্চিত॥
কৃতাঞ্জলি কৰি কৃষ্ণক চাই।
মাতন্ত চাৰিও মুনি দুনাই॥ ৫৭

কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে কহে
জানা চিৰকাল দেহা নৰহে॥
কৃষ্ণৰ কীৰ্ত্তনে সাধিয়ো গতি।
বোলা হৰি হৰি একান্ত মতি॥ ৫৮