পৃষ্ঠা:Kirtan Ghosha.pdf/৮৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬৮
[ঘোষা ৯৪৫
নামঘোষা

কলি-যুগে ৰাম-নাম সাৰ হৰি হৰি।
ৰাম-নাম বিনে নাহি আৰ ৰাম ৰাম॥৯৪৫
ৰাম বুলি পাৱে ভৱ-পাৰ হৰি হৰি।
ৰাম-নাম জগত-উদ্ধাৰ ৰাম ৰাম॥ ৯৪৬
ৰাম-নাম অমূল্য ৰতন 'হৰি হৰি।
ৰাম-নাম বিনে নাহি ধন ৰাম ৰাম॥ ৯৪৭
ৰাম-নাম মুক্তি-বিড়ম্বন হৰি হৰি।
জপ ৰাম-নাম অনুক্ষণ ৰাম-ৰাম॥ ৯৪৮
ৰাম-নামে ভকতি-সুগম হৰি হৰি।
নাহি ভক্তি ৰাম-নাম সম ৰাম ৰাম।৷ ৯৪৯
ৰাম-নাম ধৰ্ম্মতে উত্তম হৰি হৰি।
ৰাম-নাম পাতকৰ যম ৰাম ৰাম। ৯৫০
ৰাম-নামে ধৰ্ম্ম-শিৰোমণি হৰি হৰি।
নাম-নাম পাপৰ অগনি ৰাম ৰাম।৷ ৯৫১
ৰাম-নাম মৃত্যু-সঞ্জীৱনী হৰি হৰি।
ৰাম-নাম ঘুষিয়োক ছানি ৰাম ৰাম।৷ ৯৫২
জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ হৰি
জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ
হৰি হৰি ৰাম।
জগন্নাথ জগন্নাথ হৰি।৷ ৯৫৩

পা ৯৫১-৫২ (নাই।)