পৃষ্ঠা:Kirtan Ghosha.pdf/৮৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬৬
[ঘোষা ৯২৭
নাম-ঘোষা

মোৰ প্ৰভু নাৰায়ণ পৰমানন্দ হৰি পৰমানন্দ পৰমানন্দ।
পৰমানন্দ হৰি পৰমানন্দ।৷ ৯২৭
ৰাম কৃষ্ণ ৰাম কৃষ্ণ, প্ৰভুদেৱ নাৰায়ণ নাৰায়ণ।
নাৰায়ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ প্ৰভুদেৱ।৷ ৯২৮
গোপাল গোবিন্দ হৰি ৰাম ৰাম।
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ৰাম।৷ ৯২৯
পৰমপুৰুষ শিৱ সনাতন।
অনন্ত অচ্যুত নিত্য নিৰঞ্জন।৷ ৯৩০
ৰাম নিৰঞ্জন ও ৰাম নিৰঞ্জন।
নিৰাকাৰ হৰি ৰে ৰাম।৷ ৯৩১
ৰাম সদাশিৱ ও প্ৰাণ সদাশিৱ সনাতন প্ৰভু ৰে ৰাম॥ ৯৩২
ৰাম দায়াশীল মোৰে প্ৰভু দায়াশীল।
দেৱ দীন-বন্ধু ৰে ৰাম॥৯৩৩
হৰি হৰি পৰমানন্দ প্ৰভু
পীতাম্বৰ হৰি পীতাম্বৰ।
পীতাম্বৰ পীতাম্বৰ প্ৰভু পীতাম্বৰ।৷ ৯৩৪
হৰি হৰি ৰাম বান্ধৱ হৰি ৰাম।
হৰি হৰি এ নাৰায়ণ জয় গোৱিন্দ ৰাম।৷ ৯৩৫

পা ৯২৮।৷ প্ৰভুদেৱ— প্ৰভুদেৱ নাৰায়ণ নাৰায়ণ।৷
 ৯৩১॥হে ৰাম—হে ৰাম ৰাম।৷
 ৯৩৩।৷ ৰে ৰাম— ৰে ৰাম ৰাম।৷
 ৯৩৪।৷ প্ৰভু পীতাম্বৰ-হৰি এ।