পৃষ্ঠা:Kirtan Ghosha.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৫]
৭৭
প্ৰহ্ৰাদ-চৰিত্ৰ

বিহিলা উচিত দণ্ড ইহাক।
কদৰ্থিলা দুয়ো আতি আমাক॥
সেৱকে যদি কৰে অপকাৰ।
পাৱে অপযশে স্বামীক তাৰ॥ ৫০

ক্ষমিয়ো মোক চাৰি মহাশিষ্ট।
ব্ৰাহ্মণগণ মোৰ মহা ইষ্ট॥
বিপ্ৰ-সেৱাতেসে আমাৰ খ্যাতি।
চাণ্ডালকো কৰে পৱিত্ৰ আতি॥ ৫১

তোমাৰ ইন্দ্ৰে কৰে অপৰাধ।
কাটিবো ইন্দ্ৰক নাহিকে বাধ॥
বিপ্ৰৰ মুখে ভুঞ্জো যেন কৰি।
বহ্নিৰ হোমে নোহে তাঙ্ক সৰি॥ ৫২

আমাৰ তনু যত বিপ্ৰগণ।
তাসম্বাৰ দ্ৰোহ চিন্তে যিজন॥
যমৰ দূতে কৰে তাক দণ্ডি।
গৃধ্ৰগণে খায় মাংসক ছিণ্ডি॥ ৫৩

পাৰম্ভ গালি বিপ্ৰে যদি আসি।
প্ৰণাম কৰে যিটো তাঙ্ক হাসি॥