পৃষ্ঠা:Kirtan Ghosha.pdf/৮৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ২০৩]
৮৫৭
প্ৰাৰ্থনা-নিবেদন


প্ৰাৰ্থনা-নিবেদন

এ ৰাম ৰাম জয় পৰমানন্দ।
পিঞো তযু চৰণ-কমল মকৰন্দ॥ ৮৪৩
এ ৰাম ৰাম কৃষ্ণ ৰাম নাৰায়ণ।
তযু পদ-কমলে মজোক মেৰি মন॥ ৮৪৪
এ ৰাম ৰাম কৃষ্ণ ৰাম নিৰঞ্জন।
তুমিসে ঈশ্বৰ দেৱ ভকত-ৰঞ্জন॥ ৮৪৫
এ ৰাম ৰাম কৃষ্ণ নাম কৃষ্ণ ৰাম।
তুমি গুণ-নিয়ন্তা নিৰ্গুণ গুণধাম॥ ৮৪৬
ৰাম কৃষ্ণ ৰাম হৰি ৰামচন্দ্ৰ ৰাম ৰাম,
শ্ৰীৰাম দেৱ ৰঘুপতি।
হে প্ৰভু ৰঘুনাথ প্ৰণামো দমায়া মাথ
তুমি মোৰ হৈবা নিজ গতি হৰি ৰাম
ৰঘু-কুল-নন্দন মুৰাৰি॥ ৮৪৭
গোপাল গোৱিন্দ ৰাম  গোপাল গোৱিন্দ ৰাম
  গোপাল গোৱিন্দ জয় ৰাম।
তোমাৰ চৰণে হৰি  কেৱলে ভকতি বিনে
  মোৰ আৰ নাহি আন কাম হৰি ৰাম॥ ৮৪৮
গোপীনাথ গোপীনাথ গোপীনাথ গোপীনাথ
গোপীনাথ গোপীনাথ হৰি।
তোমাৰ অভয় দুই চৰণে শৰণ লৈলো
লৈয়ো মোক নিজ দাস কৰি হৰি ৰাম॥ ৮৪৯