পৃষ্ঠা:Kirtan Ghosha.pdf/৮৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩৫
[ঘোষা ৮৩৫
নাম-ঘোষা

হৰি ও তুমি আনন্দ-সিন্ধু।
হামো ভিক্ষাৰী মাগো এক বিন্দু॥ ৮৩৫

মধু-ৰিপু ৰাম ৰঘুপতি।
তোমাৰ ৰণে মোৰ গতি॥ ৮৩৬

অৰুণ চৰণে দিয়ো ছায়া ৰাম।
তেৱেসে তৰিবো তযু মায়া ৰাম॥ ৮৩৭

দান্তে তৃণ ধৰি হৰি চৰণত লাগো।
তযু কৃপা-ৰসৰ কণিকা এক মাগো॥ ৮৩৮

দায়া কৰা দয়া কৰা মোৰে হে ৰাম।
তোমাৰ চৰণ হৰি হৃদয়-পঙ্কজে ধৰি
মুখে লৈবো তুৱা গুণ-নাম যদুমণি এ॥ ৮৩৯

ৰাম কৃষ্ণ বুলি অনাথে উকয় এ হৰি নাৰায়ণ।
অনাথক দায়া কৰা কৃপাময় এ হৰি নাৰায়ণ॥৮৪০

নাৰায়ণ নাৰায়ণ নাৰায়ণ নাৰায়ণ জয় নাৰায়ণ।
তোমাৰ অৰুণ চৰণ-পঙ্কজে নিমজোক মেৰি মন॥ ৮৪১

নাৰায়ণ নাৰায়ণ তুৱা চৰণে আমাৰ।
মজোক মন জয় ৰাম॥ ৮৪২


পা ৮৩৯॥ হৰি-দুই

৮৪১॥ (নাই৷)