পৃষ্ঠা:Kirtan Ghosha.pdf/৮৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫২
[ঘোষা ৮৫২
নাম-ঘোষা

মই অজ্ঞানীৰ যতেক অজ্ঞান
হৰি হৰি হৰি হৰি এ
কথা কহি কোনে সীমা কৰিবেক তাক।
ইটো মোৰ ঘোৰ দোষ পৰিহৰি
হৰি হৰি হৰি হৰি এ
কৃপাময় কৃষ্ণ চৰণে ৰাখা আমাক॥৮১৩
প্ৰিয়তম আত্মা ঈশ্বৰ দেৱতা
হৰি হৰি হৰি হৰি এ
কৃষ্ণেসে সুহৃদ বান্ধৱ গুৰু আমাৰ।
কৃষ্ণৰ চৰণ-পঙ্কজ বিনাই
হৰি হৰি হৰি হৰি এ
মঞি অনাথৰ গতি নাহি নাহি আৰ॥ ৮১৪

প্ৰাৰ্থনা

অচিন্ত্য অনন্ত শকতিৰ পতি
হৰি হৰি হৰি হৰি এ
তুমি কৃপাময় দেৱ অগতিৰ গতি।
তুমি সত্য সনাতন সদাশিৱ
হৰি হৰি হৰি হৰি এ
তোমাৰ চৰণে মাগোহো নিৰ্ম্মল ৰতি॥৮১৫


পা*॥ ৮১৫ সদাশিৱ—নাৰায়ণ।