পৃষ্ঠা:Kirtan Ghosha.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
খণ্ড ৬
কীৰ্ত্তন-ঘোষা


তযু গুণ-গণ যদি কৰ্ণে থাকে ভৰি।
সদায় বদনে যেৱে বোলে ৰাম হৰি॥
চৰণকো চিন্তে চিত্তে বিঘ্নিকো নগণি।
নাৰকী জন্মও তেৱে আমাৰ বাঞ্ছনী॥ ৪৬
দেখাই দিব্য ৰূপ ইটো আতি চমৎকাৰ।
সাধিলা আনন্দ কিনো নেত্ৰৰ আমাৰ॥
অজ্ঞজনে তোমাৰ নলৱে গুণ নাম।
আমি হেৰা পড়ি প্ৰভু কৰিলো প্ৰণাম॥ ৪৭
তোমাৰ পাৱত হৌক একান্ত ভকতি।
এতেক প্ৰসাদ দিয়ো আমাক সম্প্ৰতি॥
কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্ব্বলোক।
ডাকি হৰি হৰি বোলা পাতক ছাড়োক॥ ৪৮

পঞ্চম কীৰ্ত্তন

ঘোষা॥

গতি মোৰ গতি মোৰ গোৱিন্দ দেৱ
মাধৱ বিনা বন্ধু নাহি কেৱ॥ ৫

পদ॥

কৰিলা তুতি চাৰি মহামুনি।
চাৰিকো মাধৱে মাতিলা গুণি॥
পাৰিষদ জয় বিজয় মোৰ।
কৰিল মহা অপৰাধ ঘোৰ।৷ ৪৯।