পৃষ্ঠা:Kirtan Ghosha.pdf/৮৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪৮
[ঘোষা ৭৯৬
নামঘোষা

মোকে কৃপা কৰা হৰি এ
দান্তে ধৰো তৃণ মাথে ঘৰৰ তৃণ
তুমি কৃপাময়ক নাজানো এত দিন
মোকে কৃপা কৰা হৰি এ।৷ ৭৯৬

মোকে কৃপা কৰা এ  ঐ বন্ধু ৰাম প্ৰাণ-বন্ধু ৰাম
 নেড়োক মুখে ৰাম-কৃষ্ণ-নাম।৷ ৭৯৭

পতিত-পাৱন বুলি নাৰায়ণ এ
পৰম পতিতে ডাকয় আতুৰ হুয়া।
তযু বেদ-বাণী আমি আছো শুনি এ
মহা মহাপাপী তৰে তযু নাম লৈয়া।৷ ৭৯৮

তুৱা গুণ-নাম অমৃত-আশায়ে এ
তোমাৰ চৰণে বিকা গৈলো মূঢ়মতি।
চৰণত ধৰো কাতৰ কৰো এ
মঞি অনাথক নছাড়িবা যদুপতি।৷ ৭৯৯

তোমাৰ সেৱক ভৈলো নাৰায়ণ এ
নিছয় তোমাৰ দিবাক লাগে প্ৰসাদ।
নিজ ভূত্য কৰি লৈলে গোপীনাথ এ
তযু কৃপাময় মিলয় কোন প্ৰমাদ।৷ ৮০০

হে দায়াশীল দেৱ দামোদৰ এ
ভতোমাৰ চৰণে বোলোহো কাকুতি-বাণী।


পা ৭৯৯।৷ নছাড়িবা-নবঞ্চিবা।