পৃষ্ঠা:Kirtan Ghosha.pdf/৮৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৭৯৫]
৮৪৭
কাকূতি

কাকূতি

কিমতে ভকতি কৰিবো তোমাত হৰি এ
মঞি মূঢ়-মতি নজানো তাৰ উপায় ৰাম ৰাম।
মহাবলৱন্ত দুৰ্ব্বাসনা ঘোৰ হৰি এ
আমাৰ মনক তেজিয়া দূৰ নযায় ৰাম ৰাম।৷ ৭৯০
তোমাৰ মায়ায়ে মন মুহি আছে হৰি এ
অজ্ঞান-আন্ধাৰে পৰিয়া পাৰ নপাঞ ৰাম ৰাম।
অভয় চৰণে শৰণ পশিলো হৰি এ
তুৱা গুণ-নাম-ভকতি-প্ৰদীপ চাঞো ৰাম ৰাম॥ ৭৯১
ভকতি মিনতি প্ৰণতি নজানো হৰি এ
মোত পৰে জ্ঞান-শূন্য হীন-মতি নাই ৰাম ৰাম।
তুমি প্ৰভু কৃপা-ৰসেৰ সাগৰ হৰি এ
দিয়ো মোক তুৱা পদ-ছায়াতলে ঠাই ৰাম ৰাম॥৭৯২
হৰি এ কৰুণাসিন্ধু  জীৱন-বন্ধু
 গতি মতি তুমি নাৰায়ণ।
তুৱা গুণ-নাম ভকতৰ মহাধন॥ ৭৯৩
পতিত বুলিয়া মোকে হৰি হৰি ও ৰাম
তেজিতে নপাৰা নাৰায়ণ।
পৰম কৰুণা-গুণে হৰি হৰি ও ৰাম
নাম ধৰিছা পতিত-পাৱন।৷ ৭৯৪
দায়াৰ ঠাকুৰ হুয়া  দায়া কেনে নকৰয়।
বাম-কৃষ্ণ নাৰায়ণ দীন দায়াময়॥ ৭৯৫