পৃষ্ঠা:Kirtan Ghosha.pdf/৮৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৭৫৯]
৮৪১
খেদ

এতেকে জানিয়া তযু  চৰণে শৰণ লৈলো
  মোৰ প্ৰভু নাৰায়ণ এ
নছাড়িবা ইবাৰ মুৰাৰি।
হৰি হৰি লৈয়ো মোক মায়াক নিবাৰি হৰি এ॥ ৪৫৭

মনুষ্য-যোনিৰ কৰ্ম্মে  নিঃশেষ যোনিত ফুৰি
  দীনবন্ধু দামোদৰ এ
হৰি হৰি বাৰে বাৰে ভুঞ্জিলোা অপাৰ।
দীন-বন্ধু কতবা ভুঞ্জিলো নাহি পাৰ।
ইবেলি তোহ্মাৰ দুই  চৰণে শৰণ লৈলো
  দীনবন্ধু দামোদৰ এ
হৰি হৰি নকৰিবা মোক পৰিহাৰ।
প্ৰাণ-বন্ধু চৰণত ৰাখিয়ো ইবাৰ হৰি এ॥ ৭৪৮

পুনু পুনু নৰ-তনু  লভিয়া তোমাক তেজি
  দীনবন্ধু দামোদৰ এ
হৰি হৰি সংসাৰে ভ্ৰমিলো অসংখ্যাত।
দীন-বন্ধু কতবা কৰিলো আয়াযাত।
ইবেলি কৰুণাময়  তোমাৰ কিঙ্কৰ ভৈলো
  দীন-বন্ধু দামোদৰ এ
হৰি হৰি ৰতি মোৰ ৰহোক তোমাত।
প্ৰাণ-বন্ধু চৰণত কৰো প্ৰণিপাত হৰি এ॥ ৭৫৯