পৃষ্ঠা:Kirtan Ghosha.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪
৭৫
প্ৰহ্লাদ-চৰিত্ৰ


আছিলন্ত ধৰি হৃদয়ত কতো বেলি।
কৃষ্ণক সম্মুখে দেখি পাছে চক্ষু মেলি॥
কৰ-যোড়ে চাৰি সিদ্ধে আনন্দক পাই।
কৰিবে লাগিল তুতি মাধৱক চাই॥ ৪১
সমস্ত ভূতৰে যদি তুমি হৃদি-গত।
তথাপি কৰ্ম্মীৰ মনে নুহিকা বেকত।
ভকতেসে পাৱে খুজি তুমি অন্তৰ্য্যামী।
কিনো ভাগ্য নয়নে তোমাক দেখো আমি॥ ৪২
পিতৃ-মুখে তযু গুণ শুনিলো যৈসানি।
সেহি দিনা হিয়াত পশিলা চত্ৰু-পাণি॥
তুমি পৰমাত্মা-তত্ত্ব জানিলো সম্প্ৰতি।
সত্য মূৰ্ত্তি ধৰি সাধা ভকতৰ গতি॥ ৪৩
তোমাক নপাই অনুৰাগ বাঢ়ে যাৰ।
সেহিসে ভকতি-যোগে ছিণ্ডে অহঙ্কাৰ॥
তাহাৰেসে গুচে বিষয়ত অনুৰাগ।
হৃদয়ত বিচাৰি তোমাক পাৱে লাগ॥ ৪৪
তোমাৰ পাৱত লৈলে যিজনে শৰণ।
তযু গুণ-নাম কৰে শ্ৰৱণ-কীৰ্ত্তন॥
মোক্ষ-প্ৰসাদক প্ৰভু তোমাত নমাগে।
ছাৰ স্বৰ্গ-সুখ কোন তাসৰ আগে॥ ৪৫