পৃষ্ঠা:Kirtan Ghosha.pdf/৮৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪০
[ঘোষা ৭৫৫
নাম-ঘোষা

অখণ্ডিত সদা শুদ্ধ  চৈতন্য-শক্তিৰ বলে
 মোৰ প্ৰভু নাৰায়ণ এ
তুমি দূৰ কৰি আছা মায়া।
হৰি হৰি তোমাৰ নিকটে নাহি মায়া।
তোমাক নভজো পদে  মায়ায়ে মুহিলে মোক
 মোৰ প্ৰভু নাৰায়ণ এ
আৱে কৃপাময় কৰা দায়া।
হৰি হৰি মায়াক নিবাৰি কৰা দায়া হৰি এ॥ ৭৫৫

দেৱকী-নন্দন দেৱ  দেৱকী-নন্দন দেৱ
 দীনবন্ধু দামোদৰ এ
হৰি হৰি চৰণে উদ্ধাৰ কৰা মোক
প্ৰাণ-বন্ধু ইবাৰ নেড়িবা হৰি মোক।
ভকতি মিনতি তুতি  প্ৰণতি জানো মঞি
 দীনবন্ধু দামোদৰ এ
হৰি হৰি আৱে মোৰ কেন গতি হোক।
প্ৰাণ-বন্ধু মোৰ মন তোমাত ৰহোক হৰি এ॥ ৭৫৬

হে কৃষ্ণ তুমি নিজ আত্মা প্ৰিয়তম গুৰু
মোৰ প্ৰভু নাৰায়ণ এ
পৰম ঈশ্বৰ ভয়হাৰী
হৰি হৰি তুমি ইষ্ট দেৱ ভয়হাৰী।


পা* ৭৫৬। প্ৰাণ....ৰহোক--হৰি হৰি আৱে মোৰ কেন গতি হোক।