পৃষ্ঠা:Kirtan Ghosha.pdf/৮৫০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


যে ৯৭] গােপীনাথ গােৱিল ৰাম কৃষ্ণ হৰি। ভজোহহা তােহ্মাৰ পদকমলত ধৰি ৬৯১ ভূজোহাে গােৱিন্দ তােমাৰ পায়। মােক নছাড়িবা সেৱক-দায়। ৬৯২ ৰাম কৃষ্ণ গােপীনাথ গােৱিন্দ। সেৱােহাে তযু পদ-অৰৱিন্দ ৬৯৩ প্ৰণতপালক দেৱ গােৱিন্দ। জোহাে তযু পদ-অৰৱিন্দ । ৬৯৪ মােৰ প্ৰভু নাৰায়ণ এ হৰি হৰি তােমাৰ মনে মনে ভজো। তােক নজানি ভৱসিন্ধু মাজে মজো ॥ ৬৯৫ ভুৱন-মােহন ৰাম ভজিলাে তোমাৰ পাৰ। মহা মহা পাপী যাৰ নাম জপি উত্তম পদক পায়# ৬৯৬ ৰাম কৃষ্ণ নাৰায়ণ নিৰঞ্জন নিৰাকাৰ নির্বিকাৰ নিৰাময় হৰি। চিদানন্দ সদানন্দ পুৰুষ পৰমানন্দ ভজো তুৱা চৰণত ধৰি হৰি ৰাম। বিভু প্রভু অনন্ত দৈত্যাৰি৷ ৬৯৭