পৃষ্ঠা:Kirtan Ghosha.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
খণ্ড ৬
কীৰ্ত্তন-ঘোষা

কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বোলা হৰি হৰি সমস্ত জনে॥ ৩৭

চতুৰ্থ কীৰ্ত্তন

ঘোষা। পদ্ম-পাণি জীৱ-মোহন ৰাম।
সুখে দুখে মুখে যোনো ছাড়ে ৰাম-নাম॥ ৪

পদ॥ পৰম আনন্দে চাৰি সিদ্ধে দেখি পাছে।
শিৰে প্ৰণামিয়া দণ্ডৱতে পড়ি আছে॥
কৃষ্ণ-পাদ-মিশ্ৰ তুলসীৰ পায়া গন্ধ।
ক্ষোভ ভৈল চিত্ত মহা মিলিল আনন্দ॥ ৩৮
প্ৰেমভাৱ উপজি দ্ৰৱিল আতি চিত্ত।
হৰিষে লোতক স্ৰৱে তনু লোমাঞ্চিত॥
দেখিলা কৃষ্ণৰ মুখ শ্যাম পদ্ম কোষ।
সুন্দৰ অধৰ হাস্যে মিলাৱে সন্তোষ॥ ৩৯
তাসম্বাৰ ভৈল মনবাঞ্ছিত পূৰণ।
চাহিলা কৃষ্ণৰ দুনাই দুখানি চৰণ॥
আৰকত নখ-পান্তি আছে প্ৰকাশন্তে।
চিত্তত চিন্তিলা তাঙ্ক বাহিৰৰ হন্তে॥ ৪০


পা ৩৮॥ কৃষ্ণ-পাদ-মিশ্ৰ—কৃষ্ণ-পাদ-পদ্ম পদাৰবিনন্দকিঞ্চল্কমিশ্ৰতুলসীমকৰন্দবায়ুঃ—ভাগৱত ৩৷১৫৷৪৩