পৃষ্ঠা:Kirtan Ghosha.pdf/৮৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২৮
[ঘোষা ৬৭৮
নাম-ঘোষা


ভাগৱত-প্ৰশংসা

ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানামত
 যত মহাজনসৱৰ সভা-মধ্যত।
পৰম-আনন্দ-ৰসময় কোটি সূৰ্য্য সম প্ৰকাশয়
 মহাভাগৱত নোহন্ত যাৱে বেকত॥ ৬৭৮

উপদেশ

যিটো মহামতি গুৰুজনে  হৰি-ভক্তি-পন্থ-উপদেশ
 দিয়া দুখময় সংসাৰৰ পাৰ কৰে।
হেনয় পৰম-গুৰু-ঋণ   শুজিবাক প্ৰতি জানা নিষ্ট
 অন্যত্ৰ উপায় নাহি- অঞ্জলিত পৰে॥ ৬৭৯
হৰি-ভক্তি-দাতা-গুৰু-ঋণ  শুজিবাক যিটো অহঙ্কাৰী
 অনেক যতনে মনত আলোচে মাত্ৰ।
ঋণ শুজিবাক নপাৰয় জানিবাহা সিটো দুৰাশয়
 উপলা-সদৃশ বিনোদৰ ভৈল পাত্ৰ॥ ৬৮০
হৰি যেন আতি কৃপাময়  ভক্ত গুৰুজনো সেহি-নয়
 দুয়োজন এক শৰীৰত মাত্ৰ ভিন্ন।


৬৭৮। ৰাজন্তে তাৱদন্য়ানি পুৰানানি সতাং গণে।
বাৱস্তাগৱতং নৈৱ শ্ৰূয়তেহমৃতসাগৰম্॥

—ভাগৱত-পুৰাণ ১২,১৩,১৪ (ভক্তি-ৰত্নাকৰ ৩৬,১৭)


পা ৬০৯-৬৮৩॥ (প্ৰাচীন পুথিত নাই।)