পৃষ্ঠা:Kirtan Ghosha.pdf/৮১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯৮
[ঘোষা ৫৮১
নাম-ঘোষা


বিৰকতি

বিষয়ৰ আশা-ভঙ্গে ভক্তৰ হৰিষ।
দেখয় বিষয়-সুখ বিষ্ঠাৰ সদৃশ॥ ৫৮১
বিষয়ৰ সুখ যত সকলো অসাৰ।
জানিয়া ভকতে তাক কৰে পৰিহাৰ॥ ৫৮২

তুতি


মুৰাৰি মাধৱ মধু-ৰিপু ৰাম
তুমি ভকতৰ ধৰ্ম্ম অৰ্থ মোক্ষ কাম॥ ৫৮৩
মুৰাৰি মনোহৰ ভগৱন্ত দেৱ।
তুমি বিনে পতিতৰ গতি নাহি কেৱ ৫৮৪॥
কিনো কৃপাময় দেৱ প্ৰভু যদুৰায়।
মুখ মাজে থৈলা নাম সৰ্ব্বক্ষণে পায়॥ ৫৮৫

লেছাৰি

ঈশ্বৰ-নিৰ্ণয়


কৃষ্ণ এক দেৱ দুখ-হাৰী  কাল মায়াদিৰো অধিকাৰী
 কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ।
সৃষ্টি-স্থিতি-অন্তকাৰী দেৱ  তান্ত বিনে আন নাহি কেৱ
 জানিবা বিষ্ণুসে সমস্ত জগতে সাৰ॥ ৫৮৬


পা ৫৮২ ॥(নাই)।
 ৫৮৫ ॥ (ইয়াৰ আগতে)--
 কৃপা সাগৰ কৃপাময় কৃপানিধি।
 তুয়া গুণ-নামে ভকতৰ সৰ্ব্বসিদ্ধি॥