পৃষ্ঠা:Kirtan Ghosha.pdf/৮১৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


যোব ৫৮] তাৎপৰ্য্য গোপাল গোৱিন ৰাম কৃষ্ণ নাৰায়ণ। কমল-লোচন হৰি পতিত-পাৱন॥ ৫৭১ ৰাম নাৰায়ণ হৰি ৰাম নাৰায়ণ। ৰাম কৃষ্ণ নিৰঞ্জন শিৱ সনাতন॥ ৫৭২ গোপাল গোপীনাথ গোৱিন্দ মাধৱ। জীৱেৰ জীৱন যদু-নন্দন যাদৱ॥ ৫৭৩ তাৎপৰ্য্য বৈকুণ্ঠৰ কল্পতৰু ভাগৱত-শাস্ত্ৰ। ইহাৰ উত্তম ফল হৰি-নাম মাত্ৰ॥ ৫৭৪ হৰি-নামে হৰি-নামে হৰিনামে গতি। হৰি-নামে ভকতৰ কেৱলে ভকতি॥ ৫৭৫ কৃষ্ণপাদ-পৰী দুই মোৰ নিজ গতি। হৰি-নাম বিনে আন নানা ভকতি॥ ৫৭৬ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ সাৰ। ৰাম কৃষ্ণ বিনে ঝুন্টা আৱৰ বিচাৰ। ৫৭৭ শ্ৰীৰাম-নাম ভকতৰ বিত্ত সাৰ। সংসাৰ-সাগৰে ৰামনামে দুৰ্গ পাৰ॥ ৫৭৮ হৰি-নাম-কীৰ্ত্তনেমে পৰম মঙ্গল। পাৱয় পৰমানন্দ গুচে কমল॥ ৫৭৯ ব্ৰহ্মা হৰৰ ভজন্তু হৰিৰ দুই পাৰে। মুকুতসকলো সদা হৰি-গুণ গাৱে॥ ৫৮০